Friday, November 8, 2024
Homeৰাজনৈতিককেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ দাউড ইব্ৰাহিমৰ নামত মৃত্যু ভাবুকি

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ দাউড ইব্ৰাহিমৰ নামত মৃত্যু ভাবুকি

ডিজিটেল ডেস্ক, ANEWS24x7- কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ মৃত্যুৰ ভাবুকি ৷ শনিবাৰে পুৱা তেওঁৰ কাৰ্যালয়ে দুটা মৃত্যু ভাবুকি ভৰা ফোন লাভ কৰিছে ৷ মন্ত্ৰী গৰাকীয়ে নিজে দুয়োটা ফোনকল লাভ কৰিছিল ৷ ফোনকলটোত এজন অচিনাক্ত ব্যক্তিয়ে তেওঁক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ৷ মত্যুৰ ভাবুকি মষ্ট ৱানটেড অপৰাধী দাউদ ইব্ৰাহিমৰ নামত দিয়া হৈছে ৷


এই সন্দৰ্ভত নাগপুৰ আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰা হৈছে ৷ নাগপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তথ্য অনুসৰি ফোনকল দুটা পুৱা ১১.৩০ বজাত আৰু ১১.৪০ বজাত আহিছিল ৷ অৰক্ষীয়ে অজ্ঞাত নম্বৰটোৰ ট্ৰেকিং আৰম্ভ কৰিছে ৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইয়াৰ পূৰ্বে দাউদ ইব্ৰাহিমৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনেধৰণৰ মৃত্যুৰ ভাবুকি লাভ কৰিছিল ৷ বিগত বৰ্ষৰ ২৮ নৱেম্বৰত মুম্বাই ট্ৰেফিক আৰক্ষীয়ে এটা ভাবুকিভৰা হোৱাটছএপ মেছেজ লাভ কৰিছিল ৷


আনহাতে দাউদ ইব্ৰাহিম সন্দৰ্ভত এনআইএয়ে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৷ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে কুখ্যাত অপৰাধী দাউদ ইব্ৰাহিমে পুনৰ এবাৰ ভাৰতত এটা ডাঙৰ আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছে ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে এই তথ্য মুকলি কৰাৰ পিছতে এতিয়া আতংকৰ সৃষ্টি কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছত এইবাৰ কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীলৈ মৃত্যুৰ ভাবুকিয়ে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments