Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ইৰানৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীক মৃত্যুদণ্ড

ইৰানৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীক মৃত্যুদণ্ড

ডিজিটেল ডেস্ক, ANEWS24x7: ইৰানে কাৰ্যকৰী কৰিলে প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীৰ মৃত্যুদণ্ড ৷ ব্ৰিটেইনৰ বাবে চোৰাংচোৱা কৰাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি কাৰ্যকৰী কৰে ইৰানে ৷ শনিবাৰে এই কথা সদৰী কৰে ইৰানে ৷ ইৰানৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰীৰ মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰাৰ পিছতে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এক টুইট যোগে এই কথা সদৰী কৰি ইৰানে কয় যে , ‘‘ আলিৰেজা আকবৰীক মৃত্যুদণ্ড দিয়া হৈছে। দুৰ্নীতিৰ জৰিয়তে আৰু ব্ৰিটিছ চৰকাৰৰ চোৰাংচোৱা সংস্থাৰ হৈ চোৰাংচোৱাৰ জৰিয়তে বিশ্বৰ ভিতৰত আৰু বাহিৰত দেশৰ নিৰাপত্তাৰ বিৰুদ্ধে বৃহৎ ভূমিকা পালন কৰাৰ বাবে তেওঁক মৃত্যুদণ্ড দিয়া হৈছে ।’’


ইৰান চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্ৰিটিছ বৈদেশিক সচিব জেমছ ক্লেভাৰলীয়ে ৷ ক্লেবাৰলীয়ে কৈছিল যে , ‘‘ ইৰানে আকবৰীক মৃত্যুদণ্ড দিয়া উচিত নহয় ৷ আকবৰীৰ মৃত্যুদণ্ড ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত ৷’’ ব্ৰিটেইনে আৰু আমেৰিকাই আকবৰীৰ মুক্তিৰ দাবী জনাইছিল ৷

উল্লেখ্য যে আলিৰেজাৰ বিৰুদ্ধে চোৰাংচোৱাৰ জৰিয়তে ১,৮৫৫,০০০ ইউৰো, ২,৬৫,০০০ পাউণ্ড আৰু ৫০,০০০ ডলাৰ লোৱাৰ অভিযোগ আছিল। এই অভিযোগৰ ভিত্তিতে ইৰানৰ আদালতে আলিৰেজাৰ মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল ৷ আলিৰেজা আকবৰী ব্ৰিটিছ আৰু ইৰানী দ্বৈত নাগৰিক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments