Friday, November 8, 2024
Homeঅসমগণেশ চতুৰ্থী সম্পৰ্কে জানো আহক

গণেশ চতুৰ্থী সম্পৰ্কে জানো আহক

ডিজিটেল ডেস্ক, ANEWS24X7: আজি গণেশ চতুৰ্থী। সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তটো সিদ্ধিদাতা পূজাৰ ব্যাপক আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে গণেশ মন্দিৰ সমূহতো পুৱাৰে পৰা দেখা গ’ল ভক্তৰ ভিৰ।

গণেশগুৰি গণেশ মন্দিৰৰ পৰা আদি কৰি মন্দিৰসমূহত পুৱাই সিদ্ধিদাতাৰ পূজা-অৰ্চনাত ব্যস্ত হ’ল অগণন ভক্ত। কেৱল মন্দিৰতে নহয়, দেশৰ প্ৰায় বিলাক ব্যৱসায়িক প্ৰতিস্থান আদিতো গণেশ চতুৰ্থী উদযাপনৰ চলিছে ব্যাপক যো–জা ।

ভগৱান গণেশক কেনেদৰে উপাসনা কৰিব-

সকলো বিধি-বিধানৰ সৈতে ভগৱান গণেশক উপাসনা কৰক।

১. প্ৰভূ গণেশক লাডু আগবঢ়াওক।

২. গণেশ মন্ত্ৰ জপ কৰক।

৩. গণেশ চালিচা পঢ়ক।

৪. ভগৱান গণেশক সেউজীয়া কাপোৰ দান কৰক। এইটো বিশ্বাস কৰা হয় যে ইয়াৰ ফলত সম্পদ বৃদ্ধি হয়।

৫.গণেশৰ মূৰ্তি স্থাপন কৰোঁতে পাণ-তামোল আগবঢ়াওক। এইটো বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা সকলো ইচ্ছা পূৰণ হয়।

৬.গণেশক হালধীয়া ফুল, হালধীয়া পোছাক আৰু হালধীয়া মিঠাই আগবঢ়োৱাটোৱে অৰ্থনৈতিক স্থিতি শক্তিশালী কৰে বুলি বিশ্বাস কৰা হয়।

সকলোলৈকে আমাৰ ফালৰ পৰা গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments