Friday, November 8, 2024
Homeঅসমৰণোজ পেগুৱে লিখাত গণ্ডগোল কৰিছে , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰণোজ পেগুৱে লিখাত গণ্ডগোল কৰিছে , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক ANEWS24X7: কেন্দ্ৰীয় চৰকাৰৰ বিদ্যাঞ্জলী আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সংবাদিকক সম্বোধন কৰি কয় যে , ‘‘এই আঁচনি কেৱল অসমৰ বাবে নহয় ই সমগ্ৰ ভাৰতবৰ্ষৰ বাবে ৷ অসমৰ ৰাইজে বছৰ বছৰ ধৰি কৰি অহা কাম এটাকে ৰাষ্ট্ৰজুৰি কৰিব বিচৰা হৈছে ৷ ভাৰতৰ অন্য ৰাজ্যত বিতৰ্ক হোৱা নাই কেৱল অসমত কিয় এই বিতৰ্ক হৈছে ৷

আমি শিক্ষক সকলক দৰমহা সময়মতে দি আহিছো ৷ আমি বিচাৰিছো নিজে পঢ়ি অহা বিদ্যালয় খনত ৰজে অলপ অঞ্জলি প্ৰদান কৰক ৷ অঞ্জলী প্ৰদান কৰা সকলক চৰকাৰে স্বিকৃতি প্ৰদান কৰি এখন মানপত্ৰ প্ৰদান কৰিব ৷ যি সকলে নিজৰ পঢ়ি অহা বিদ্যালয় খনত অঞ্জলি প্ৰদান কৰিবলৈ ইচ্ছা নাই তেওঁলোকেহে বিতৰ্ক কৰিছে ৷ এই আঁচনিখন ৰণোজ পেগুৰ নহয় , ৰণোজ পেগুৱে চিঠিখন লিখোতে গণ্ডগোল কৰিছে ৷

’’ মুখ্যমন্ত্ৰী গৰাকীয়ে আছু সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে , ‘‘ আছুক সন্তুষ্ট কৰিবলৈ চৰকাৰী সিদ্ধান্ত ল’ব লাগিলে আছু অফিচত বহি থকাই ভাল ৷ চৰকাৰ বিজেপি , কংগ্ৰেছ বা চিপিএমক সুধি নচলে ৷ চৰকাৰ চলিব বিধানসভা আৰু কেবিনেটৰ সিদ্ধান্তৰ মতেদি ৷ চৰকাৰে এই বিষয়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱৰ কথা শুনিব শিক্ষাৰ লগত কোনো সমন্ধ নথকা সকলৰ কথা নোশুনিব ৷ আছুৰ লগতে আলোচনা চলি আছে চলি থাকিব ৷ আছুৰ দৃষ্টিভংগি বেলেগ চৰকাৰৰ দৃষ্টিভংগি বেলেগ ৷ ’’

উল্লেখ্য যে বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আছুকে ধৰি ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনৰ লগত বিদ্যাঅঞ্জলী আঁচনি সন্দৰ্ভত আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments