ডিজিটেল ডেস্ক, ANEWS24X7: শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত বহি আই এ এছ বিষয়াই গালি-গালাজ কৰা এটা ভিডিঅ’চৰ্চিত হৈ পৰিছে । আই এ এছ বিষয়া কে কে পাঠকে বিষয়াৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰিছে। বিহাৰ প্ৰশাসনিক সেৱা সন্থাই এই সন্দৰ্ভত মুখ্য সচিবক অভিযোগ দাখিল কৰিছে।

বিহাৰ ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ আই এ এছ বিষয়া কে কে পাঠক সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সভাৰ সময়ত বিষয়াগৰাকীয়ে সহকৰ্মীসকলৰ সন্মুখত গালি-গালাজ কৰা ভিডিঅ’ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ইপিনে আই এ এছ বিষয়াগৰাকীয়ে এজন ডেপুটি কালেক্টৰক তেওঁৰ গাড়ী চলোৱাৰ শিষ্টাচাৰক লৈও ঠাট্টা-মস্কৰা কৰিছে।
ভিডিঅ’টোত আই এ এছ বিষয়া কে কে পাঠকে মানুহ আৰু শীৰ্ষ বিষয়াৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰিছে। বিহাৰ প্ৰশাসনিক সেৱা সন্থাই এই সন্দৰ্ভত মুখ্য সচিবক অভিযোগো দাখিল কৰিছে।

বিহাৰ প্ৰশাসনিক সেৱা সন্থাৰ সাধাৰণ সম্পাদক সুনীল তিৱাৰীয়ে কে কে পাঠকক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি অভিহিত কৰি তেওঁৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । ভিডিঅ’টোত কে কে পাঠকে মানুহৰ লগতে বিষয়াসকলৰো মৌলিক যান-বাহন শিষ্টাচাৰৰ কথা কোৱা দেখা গৈছে। ট্ৰেফিক লাইটত থিয় হৈও মানুহে হৰ্ণ বজাই থাকে বুলি উল্লেখ কৰি বিষয়াজনে শীতলতা হেৰুৱাই পেলালে ।ইফালে বিহাৰ প্ৰশাসনিক সেৱা সন্থাৰ বিষয়াসকলে আই এ এছ বিষয়াজনৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিবলৈ সচিবালয় থানাত উপস্থিত হৈছে।
