Thursday, March 12, 2026
Homeঅসমছবিগৃহত মুক্তি লাভ কৰিলে অসমীয়া ছবি ড০ বেজবৰুৱা ২

ছবিগৃহত মুক্তি লাভ কৰিলে অসমীয়া ছবি ড০ বেজবৰুৱা ২

ডিডিটেল ডেস্ক, ANEWS24X7: ড০ বেজবৰুৱা ২ ছবিখনে ভাৰতৰ বিভিন্ন চহৰৰ আঠটা পেক্ষাগৃহ আৰু ১৪২খন পৰ্দাত মুক্তি লাভ কৰিলে । ড০ সঞ্জীৱ নাৰায়ণ প্ৰযোজিত আৰু নিপন গোস্বামীৰ পৰিচালনাৰে মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ বৃহস্পতিবাৰে নিশা প্ৰিমিয়াৰ শ্ব’হৈ যায় ।

মহানগৰীৰ চিটী চেণ্টাৰৰ PVRত আছিল প্ৰিমিয়াৰ শ্ব’। আনহাতে সমগ্ৰ অসমতে ছবিখনৰ কলা–কুশলীয়ে চলাইছিল প্ৰচাৰ। আদিল হুছেইনে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত জুবিন গাৰ্গ, নিপন গোস্বামী, সিদ্ধাৰ্থ গোস্বামী, কিংকিনি ধৰি বহু কেইগৰাকীয়ে অভিনয় কৰিছে। ৰাজ্যৰ বহুকেইটা ছবিগৃহত একেলগে মুক্তি লাভ কৰিছে ড০ বেজবৰুৱা ছৱিখনে। ব্ৰজেন বৰুৱাৰ ড০ বেজবৰুৱা প্ৰায় ৫০ বছৰৰ আগতে অৰ্থাৎ ১৯৬৯ চনত মুক্তি লাভ কৰিছিল।

ইপিনে ১৯৭০ চনত ‘ডক্তৰ বেজবৰুৱা’ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। সেয়ে এতিয়া চিনেমাপ্ৰেমী ৰাইজে বহু আশাৰে বাট চোৱাৰ অন্তত মুক্তি পালে ড০ বেজবৰুৱা ২ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments