Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়এটা টফি খোৱাৰ পিছত দক্ষিণ কোৰিয়াৰ মহিলাৰ প্ৰতিক্ৰিয়া

এটা টফি খোৱাৰ পিছত দক্ষিণ কোৰিয়াৰ মহিলাৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক, ANEWS24X7: সম্প্ৰতি এটা ভিডিঅ’আপলোড হোৱাৰ পিছৰে পৰা বহুতে মন্তব্য কৰাৰ লগতে প্ৰায় এক লাখ বাৰ প্ৰতক্ষ্য কৰিছে বহু লোকে । যিকোনো টফি বা মিঠাইৰ সোৱাদৰ কথা আহিলে সাধাৰণ আশা কৰা হয় যে ই মিঠা হ’ব। কিন্তু ইয়াৰে কেইবাটাও মিঠাই অস্বাভাৱিক, এচিডিক সোৱাদৰ বাবে সুপৰিচিত।

ভাৰতত এই টেঙা মিঠাইবোৰ বৰ ভাল লাগে। ভাৰতবৰ্ষত জনপ্ৰিয় টেঙা মিঠাই যদিও পালচ কেণ্ডীয়ে শীৰ্ষত নিজৰ মৰ্যাদা বজাই ৰাখিছে।ভাৰতত টেংগি পালছ কেণ্ডিৰ জনপ্ৰিয়তাৰ কথা শুনি শেহতীয়াকৈ ভিডিঅ’ব্লগাৰ আৰু সামাজিক মাধ্যমত প্ৰভাৱশালী হ্যোজয়ং পাৰ্ক নামৰ দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলাই ইয়াক চেষ্টা কৰিছিল। তাইৰ হাস্যৰসময়ী অভিজ্ঞতাৰ বিষয়ে অনলাইনত ৰেকৰ্ডিং কৰি পোষ্ট কৰিছিল যুৱতীগৰাকীয়ে ।

ইনষ্টাগ্ৰামত এই পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, “ভাৰতীয় মিঠাই মোক কান্দিবলৈ বাধ্য কৰালে।”
সামাজিক মাধ্যমত প্ৰভাৱশালী গৰাকীৰ এই বৃহৎ সঁহাৰিৰ বাবে ভিডিঅ’টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু ইনষ্টাগ্ৰামত প্ৰায় ১০ লাখ ভিউজ লাভ কৰিছিল লগতে মন্তব্যৰ শিতানত আমোদজনক মন্তব্যও কৰা হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments