ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে আজি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল পদৰ পৰা ভগত সিং কোশিয়াৰী আৰু লাডাখৰ উপ-ৰাজ্যপাল হিচাপে ৰাধা কৃষ্ণন মাথুৰৰ পদত্যাগ গ্ৰহণ কৰে আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে।

ইপিনে অৰুণাচল প্ৰদেশৰ বৰ্তমানৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বিডি মিশ্ৰক লাডাখৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতিয়ে লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া ত্ৰিবিক্ৰম পাৰনায়েক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। আনহাতে চিপি ৰাধাকৃষ্ণণ ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল আৰু শিৱ প্ৰতাপ শুক্লা হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হ’ব।

ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি গুলাব চান্দ কাটাৰিয়াই অসমৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিব।ন্যায়াধীশ এছ আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে মনোনীত কৰা হৈছে আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূচন হৰিচন্দন এতিয়া ছত্তীশগড়ৰ ৰাজ্যপাল হ’ব লগতে ছত্তীশগড়ৰ ৰাজ্যপাল সুশ্ৰী অনুচুয়া উইকিয়েক মণিপুৰৰ ৰাজ্যপাল হিচাপে মনোনীত কৰা হৈছে। মণিপুৰৰ ৰাজ্যপাল লা.গণেশন নাগালেণ্ডৰ ৰাজ্যপাল। ইফালে বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান মেঘালয়ৰ নতুন ৰাজ্যপাল হ’ব আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
