Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়আজি বিশ্ব ৰেডিঅ’ দিৱস

আজি বিশ্ব ৰেডিঅ’ দিৱস

ডিজিটেল ডেস্ক, ANEWS24X7:  আপুনি ৰেডিঅ’শুনি ভাল পায় নে বাৰু?সমগ্ৰ বিশ্বতে আজি বিশ্ব ৰেডিঅ’দিৱস পালন কৰা হয়। দৰাচলতে আজিৰ ব্যস্ততা ভৰা সময়তো ৰেডিঅ’শুনি ভাল ভাল পোৱা মানুহ এতিয়াও আছে ।যান্ত্ৰিকতাৰ যুগত আমি প্ৰযুক্তি বিদ্যাৰ লগত আগবাঢ়ি গৈ আছো যদিও ৰেডিঅ’টোৰ লগত আমি সকলো আৱেগিক ভাৱে জড়িত ৷ কিন্তু সত্তৰ দশকত যেতিয়া টেলিভিশ্যন চেনেলক জনতাই আদৰি লৈছিল,তেতিয়া অনুভৱ হৈছিল যে টেলিভিশ্যন চেনেলৰ ধামখুমিটাত ৰেডিঅ’হেৰাই যাব ৷

সম্প্ৰতি ডিজিটেল যুগ যাৰ কাৰণে আমি যিকোনো খবৰৰ জৰিয়তে প্ৰত্যেক ছেকেণ্ডত নিজক আগবঢ়াই লৈ যাব পাৰোঁ ৷ সুখৰ বিষয় যে সাম্প্ৰতিক সময়ত প্ৰত্যেক জন লোকৰ মোবাইল ফোনতে থকা ৰেডিঅ’শুনি যিকোনো মুহুৰ্ততে আনন্দ লাভ কৰিব পাৰে। গতিকে যিকোনো পৰিস্থিতিৰ সংগী স্বৰূপ ৰেডিঅ’টো অতীত হৈ পৰিল ৷ আনহাতে, ৰেডিঅ’টোক লৈ সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন মহাসচিব বেন কী মুনে মন্তব্য কৰিছিল যে, ৰেডিঅ’ই আমাৰ মনোৰঞ্জন কৰে,আমাক শিক্ষিত কৰে,আমাক সাম্প্ৰতিক সময়ৰ বিভিন্ন খবৰৰ জৰিয়তে আমাক আগবঢ়াই লৈ যায় আৰু সমগ্ৰ পৃথিৱীৰ জনতাৰ মাজত সচেতনতা আনে৷যি কি নহওঁক,টেলিভিশ্যন অথবা মোবাইলত ৰেডিঅ’শুনিব পাৰিলেও আমাৰ সকলোৰে পৰিচিত ৰেডিঅ’টোক মনৰ পৰা আঁতৰ কৰিব নোৱাৰে৷ কাৰণ ৰেডিঅ’টোৰ লগত জৰিত হৈ আছে আমাৰ বহু স্মৃতি ৷ যিসমূহ স্মৃতিয়ে ৰেডিঅ’ৰ লগত জড়িত প্ৰত্যেক জনক শ্ৰোতাক সজীৱ কৰি ৰাখে ৷

ইপিনে ইউনেস্কৰ সদস্য ৰাষ্ট্ৰসমূহে ২০১১ চনতে এই দিৱস পালনৰ কথা ঘোষণা কৰিছিল আৰু ২০১২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইয়াক আন্তঃৰাষ্ট্ৰীয় দিৱসৰ স্বীকৃতি প্ৰদান কৰিছিল । ইউনেস্কৰ ব্যাখ্যা অনুসৰি ৰেডিঅ’ হৈছে এক আপোন আৰু শক্তিশালী গণমাধ্যম লগতে গণতান্ত্ৰিক কাম-কাজৰ উপযুক্ত মঞ্চ । সেয়ে আজিৰ ‘নেট নাগৰিক’ সকলৰ মাজতো ই জনপ্ৰিয় আৰু বিশ্বাসযোগ্য ।

ৰেডিঅ’ই ব্যাপক সংখ্যক শ্ৰোতাক সামৰি লোৱাৰ লগতে সমাজৰ বৈচিত্ৰ্য আৰু প্ৰতিগৰাকী লোকৰ কণ্ঠক তুলি ধৰে। এই বছৰৰ বিশ্ব অনাতাঁৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ৰেডিঅ’আৰু বিশ্বাস। বাতৰি প্ৰতিষ্ঠান ৰয়টাৰ্ছে কৰা এটা শেহতীয়া সমীক্ষাত বিশ্বাসযোগ্যতাৰ ফালৰ পৰা আকাশবাণীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।

প্ৰথমতে ৰেডিঅ’ক লৈ কোনো দিৱস উদযাপন কৰা হোৱা নাছিল ৷ এই বিষয়টোৰ টোৰ সন্দৰ্ভত ২০১০ চনৰ ২০ অক্টোবৰত স্পেনিচ ৰেডিঅ’ একাডেমীৰ অনুৰোধত স্পেইনে সংযুক্ত ৰাষ্ট্ৰই বিশ্ব ৰেডিঅ’দিৱস উদযাপন কৰিব কাৰণে এক দেশ বাসীৰ দৃষ্টি আকৰ্ষণ কৰে ৷ ইয়াৰ পিছতে ২০১১ চনৰ ৩ নবেম্বৰত সংযুক্ত ৰাষ্ট্ৰই শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন ইউনেস্ক’ই পেৰিছত আয়োজিত এখন সভাত ঘোষণা কৰে যে প্ৰত্যেক বছৰৰ ১৩ ফ্ৰেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হ’ব। ইফালে ২০১২-২০১৩ বৰ্ষত ৰেডিঅ’ৰ কোনো থিম নাছিল ৷কিন্তু ইয়াৰ পিছত প্ৰত্যেক বৰ্ষত কোনো এটা বিষয়ক মুখ্য হিছাপে লৈ ৰেডিঅ’ই বৰ্ষটো আগবঢ়াই নিয়ে ৷২০১৪ চনত মহিলা সবলীকৰণ, ২০১৫ চনত যুৱক আৰু ৰেডিঅ’, ২০১৬ চনত সংঘৰ্ষ আৰু দুৰ্যোগৰ সদয়ত ৰেডিঅ’,২০১৭ চনত ৰেডিঅ’ ইজ য়ু,২০১৮ চনত ৰেডিঅ’ আৰু খেল, আদি বিষয় চৰ্চা কৰাৰ কাৰণে নিৰ্ধাৰিত কৰিছিল ৷ চলিত বৰ্ষৰ বিষয় হৈছে “সংবাদ,সহিষ্ণুতা আৰু শান্তি”৷ এই বিষয়টো সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে যথেষ্ট উপযোগী আৰু সমসাময়িক ৷ বিশ্বৰ সকলো দেশৰ ৰেডিঅ’ৰ প্ৰশংসক আৰু শ্ৰোতাক এখন মঞ্চত একত্ৰিত কৰাৰ প্ৰয়াসত সফল হ’ল ৰেডিঅ’৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments