ডিজিটেল ডেস্ক ANEWS24X7: মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ তিনি বিষয়াক নিলম্বন কৰিলে কেন্দ্ৰীয় চৰকাৰে । ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ পাকিস্তানলৈ নিক্ষেপ কৰাৰ বাবে এই শাস্তিৰ সন্মুখিন হ’ব লগীয়া হল বায়ু সেনাৰ এই তিনিজন বিষয়া ।
উল্লেখ্য যে, যোৱা ৯ মাৰ্চত পাকিস্তানত ভুল বশতঃ ভাৰতৰ অন্যতম শক্তিশালী ক্ষেপনাস্ত্ৰ পাকিস্তানত পৰিছিলগৈ । ইয়াৰ পিছতে বায়ু সেনাৰ তৰফৰ পৰা উক্ত ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছিল ।
তদন্ত সমিতিয়ে উক্ত ঘটনাৰ বাবে বায়ু সেনাৰ তিনিজন বিষয়াক প্ৰাথমিক ভাবে দায়ী বুলি প্ৰমাণিত কৰিছে । ২৩ আগষ্টত এই বিষয়া তিনিজনৰ টাৰ্মিনেচন আদেশ জাৰি কৰা হৈছে। তদন্তত উক্ত ঘটনাটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ পৰা বিচ্যুতিৰ ফলত আকস্মিক ভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ হৈছিল বুলি নিশ্চিত হয় ।