ডিজিটেল ডেস্ক ANEWS24X7: ৰাজ্যৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিশ্ববিদ্যালয় খনৰ নতুন উপাচাৰ্য ড৹ জিতেন হাজৰিকাই গ্ৰহণ কৰা ৩৩ শতাংশ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভা ।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তক স্বেচ্ছাচাৰী আৰু ছাত্ৰ সমাজ বিদ্বেষী আখ্যা দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই ।
মাচুল বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে সন্ধিয়া উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত নামিল স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই । বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তক কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলৰ । মাচুল হ্ৰাস নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ ।