Wednesday, March 11, 2026
Homeঅসমহঠাৎ অসুস্থ বন্দনা কলিতা

হঠাৎ অসুস্থ বন্দনা কলিতা

ডিজিটেল ডেস্ক, A NEWS 24×7 : অভিযান যাত্ৰাৰ মাজতেই হঠাৎ অসুস্থ বন্দনা কলিতা। বৰ্ণিহাটৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ ওভতাই আনিছে বন্দনাক। স্বামী অমৰজ্যোতিৰ দে’ৰ মৃতদেহ বিচাৰি মেঘালয়লৈ গৈ আছিল আৰক্ষীৰ দল সহ বন্দনা কলিতা।

মহানগৰীৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতা। সম্পত্তিৰ লালসাত অন্ধ হৈ স্বামী অমৰজ্যোতিৰ দে’আৰু শাহুৱেক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰিছিল বন্দনা কলিতাই। পৰকীয়া প্ৰেমিক ধনটি ডেকা আৰু ধনটিৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি সংঘটিত কৰিছিল এই লোমহৰ্ষক হত্যাকাণ্ড।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ দাসক। তিনিওকে লৈ সোমবাৰে মেঘালয়ত অভিযান চলাই চেৰাপুঞ্জীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহ। কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ। সেয়েহে মংলবাৰে পুৱাই পুনৰ অভিযান চলাবলৈ মেঘালয়লৈ ৰাওনা হৈছিল আৰক্ষীৰ এটা দল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments