ডিজিটেল ডেস্ক, A NEWS 24×7 : ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ যদি আপুনি ঘৰৰ পৰা ওলাই যায় তেন্তে ৰেইনকোট বা ছাতি নিবলৈ নাপাহৰিব। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ওপৰত লঘুৰ পৰা মধ্যমীয়া বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা পৰিলক্ষিত হৈছে।
আগন্তুক তিনিদিনৰ ভিতৰত উপ-হিমালয় পশ্চিমবংগ আৰু ছিকিমতো বতৰৰ পৰিৱৰ্তনৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২১ আৰু ২২ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
একে সময়তে অসম আৰু মেঘালয়ৰ ওপৰতো বজ্ৰপাতৰ সম্ভাৱনা আছে।