ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যৰ বজাৰত আকৌ এবাৰ ইউৰিয়া সাৰৰ বৃহৎ নাটনি দেখা দিছে ৷ সাৰ বিচাৰি এতিয়া বজাৰে বজাৰে ঘুৰিব লগীয়া হৈছে ৰাজ্যৰ কৃষকে ৷ ৰাজ্যৰ লগতে ৰঙিয়াতো সাৰৰ বৃহৎ নাটনিয়ে সমস্যাৰ সৃষ্টি কৰিছে। বাইহাটা হাজো কেন্দুকোনা বোৰ্কা আদি অঞ্চলৰ লগতে ৰঙিয়া অঞ্চলৰ কৃষকেও ভুগিছে সাৰৰ অভাব ৷
সাৰৰ অভাব ধানখেতিত দেখা দিছে বিভিন্ন ৰোগ ৷ একাংশ কৃষকে চৰকাৰক অতিশীঘ্ৰে ইউৰিয়া সাৰৰ যোগান ধৰাৰ আহ্বান জনাইছে ৷
ঠায়ে ঠায়ে ইউৰিয়া সাৰ সঠিক মূল্যকৈও অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে কৃষকসকলে ৷ অহা ৭ ৰ পৰা ১০ দিনৰ আগত কোম্পানীয়ে সাৰ যোগান ধৰিব নোৱাৰে বুলি জনায় সাৰ দোকানীয়ে ৷