Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া কেইখনমান দলংৰ বিষয়ে জানো আহক

পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া কেইখনমান দলংৰ বিষয়ে জানো আহক

ডিজিটেল ডেস্ক, ANEWS24X7: পৃথিৱীত এনে বহু ঠাই আছে যি ঠাইৰ যাৰ প্ৰাকৃতিক শোভাই সকলোকে আকৰ্ষিত কৰি আহিছে লগতে এই দৃশ্যসমূহ উপভোগ কৰিবলৈ সেই ঠাইত উপস্থিত হয় দেশ বিদেশৰ বহু পৰ্য্যটক ৷ এই সমূহৰ ভিতৰতে বহু ঠাইত এনে কিছুমান দলং আছে যিবোৰ সেই অঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে । পৃথিৱীজুৰি এনে বহুতো দলং আছে কলাসুলভ ৰূপেৰে যি সমগ্ৰ বিশ্বতে নিজৰ এক বিশেষ পৰিচয় গঢ়ি তুলিছে। পৃথিৱীৰ তেনে কেইখনমান আটাইতকৈ ধুনীয়া আৰু অনন্য দলঙৰ বিষয়ে আজি আপোনালোকক ক’বলৈ ওলাইছোঁ, যিবোৰ দলং দেখি আপুনিও আচৰিত হৈ পৰিব।

হেলিক্স ব্ৰীজ, ছিংগাপুৰ-

আধুনিক স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত ছিংগাপুৰ বিশ্বৰ ভিতৰতে যথেষ্ট আগবঢ়া। ছিংগাপুৰৰ মাৰেনা উপসাগৰৰ ওচৰৰ হেলিক্স দলং হৈছে এনে এখন দলং যিখন দলং ৰাতি আৰু দিন দুয়োটা সময়তে অতি মনোমোহা । ৰাতি ইয়াত নীলা পোহৰ জিলিকি উঠে। ইয়াৰ মনোমোহা সৌন্দৰ্য্যই আকৰ্ষিত কৰে বিশ্বৰ বহু পৰ্যটকক।

ইনভিজিবল ব্ৰীজ, চীন –

চীনৰ হুনান প্ৰদেশত অৱস্থিত এই দলংখন হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু দীঘল কাঁচৰ দলং। এই কাঁচৰ দলংখন মাটিৰ পৰা ৩০০ মিটাৰ আৰু দুটা পাহাৰৰ মাজত নিৰ্মাণ কৰা হৈছে। ৪৩০ মিটাৰ দীঘল দলংখনৰ প্ৰস্থ ৬ মিটাৰ। এই দলংখন তিনিটা স্তৰৰ স্বচ্ছ আইনাৰে এনেকৈ নিৰ্মাণ কৰা হৈছে যাতে মানুহে তলৰ দৃশ্যও উপভোগ কৰিব পাৰে । যেতিয়া এই দলংখনত থিয় হৈ থকা লোকসকলক দূৰৰ পৰা দেখা যায়, এনে লাগে যে তেওঁলোকে বতাহত ওলমি আছে। এদিনত ৮০০০ তকৈ অধিক লোক এই দলংখনলৈ যাব নোৱাৰে বাবেই এই দলংখনলৈ যাবলৈ এদিন আগতে বুকিং কৰিব লাগে ।

লাংকাৱি স্কাই ব্ৰীজ, মালয়েছিয়া-

লাংকাৱি স্কাই ব্ৰীজক অত্যন্ত বিপদজনক দলং বুলি গণ্য কৰা হয়। এই দলংখন পৰ্বতৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ প্ৰস্থ ৬ ফুট। এই দলংখন সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২,৩০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে। এই দলংখনে সমগ্ৰ মালয়েছিয়াৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে, যি যিকোনো লোককেই আকৰ্ষিত কৰিব পাৰে।অৱশ্যে এই দলংখন কেৱল পথচাৰীসকলৰ বাবেহে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments