Wednesday, March 11, 2026
Homeঅসমপ্ৰথমবাৰৰ বাবে শিলচৰত নিৰ্মাণ হ’ল ফ’ৰষ্টাৰ ৰিজ’ৰ্ট

প্ৰথমবাৰৰ বাবে শিলচৰত নিৰ্মাণ হ’ল ফ’ৰষ্টাৰ ৰিজ’ৰ্ট

ডিজিটেল ডেস্ক, ANEWS24X7: শিলচৰত বহুতো সৰু-ডাঙৰ বিলাসী হোটেল আছে কিন্তু নাছিল কেৱল ৰিজৰ্ট । এতিয়া শিলচৰেই নহয় কেৱল সমগ্ৰ বৰাক উপত্যকাৰ জনসাধাৰণৰ এই চাহিদা পূৰণ কৰা হৈছে। কাৰণ প্ৰথমবাৰৰ বাবে শিলচৰত ষ্টাৰ কেটেগৰী ৰিজৰ্ট নিৰ্মাণ কৰা হ’ল যাৰ নাম সাগৰিকা ৰিজৰ্ট। যিটো ২৫ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ’ব।

শিলচৰ চহৰৰ একেবাৰে ওচৰৰ ৰংপুৰ ৰামকৃষ্ণ ফিলিং ষ্টেচনৰ গাতে লাগি থকা ৬ বিঘা মাটিত মুকলি পৰিবেশত নিৰ্মিত এই ৰিজৰ্টখন।দূৰৰ পৰা হঠাৎ ৰাজস্থানী প্ৰাসাদ যেন লাগিব পাৰে। কাৰণ সমগ্ৰ ৰিজ’ৰ্টখনৰ প্ৰৱেশদ্বাৰৰ পৰা প্ৰতিটো কোণলৈকে সৌন্দৰ্য্যৰ কবিতা লিখা হৈছে। সাগৰিকা কৰ্তৃপক্ষই জনোৱা মতে, ২৫ ফেব্ৰুৱাৰীৰ বিয়লি হ’ব ৰিজ’ৰ্টখনৰ আনুষ্ঠানিক মুকলি।

সেই উপলক্ষে শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়, শিলচৰৰ বিধায়ক আৰু উধৰবন্দ, কাছাৰৰ আৰক্ষী অধীক্ষককে ধৰি উপত্যকাৰ বহু গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। মুকলি সভাত সংগীত পৰিবেশন কৰিব কলকাতাৰ জি-বাংলা সাৰেগামা বিজয়ী অংকিতা ভট্টাচাৰ্যই। ইপিনে শিলচৰৰ আগশাৰীৰ হোটেল মালিক বিশ্বজিৎ ৰায় এই ৰিজৰ্টৰ স্বতাধিকাৰী। হোটেল ব্যৱসায়ত তেওঁৰ দ্বিতীয়টো পদক্ষেপ।

ইয়াৰ পূৰ্বে ২০১৯ চনত তেওঁ শিলচৰ শিলচৰ অঞ্চলত সাগৰিকা ৰিজেন্সি নামৰ এখন বিলাসী বহুমহলীয়া হোটেল খুলিছিল। প্ৰায় ১৩ কোটি টকা ব্যয়ৰে ৰংপুৰত নিৰ্মাণ কৰা হৈছে সাগৰিকা ৰিজৰ্ট। সাগৰিকা হৈছে বিশ্বজিৎ ৰায়ৰ পত্নীৰ নাম। এই ৰিজৰ্টত পোৱা যাব সৌন্দৰ্য্যবৰ্ধনৰ পৰা প্ৰতিটো সবিশেষতে ৰুচি। ফোৰ ষ্টাৰ কেটেগৰিৰ তিনিমহলীয়া ৰিজ’ৰ্টখনৰ মূল ভৱন হিচাপে পৰিগণিত হোৱা‌ বেংকুয়েট হল ৰাজস্থানী প্ৰাসাদৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।

তলত আছে এখন বিশাল, জিলিকি থকা ৰেষ্টুৰেণ্ট। বাহিৰৰ ভোজৰ সুবিধাও উপলব্ধ হব ইয়াত। ওয়াটাৰ বডি, ফোয়াৰা, চুইমিং পুল, জিমখানা, স্পা ইত্যাদিও আছে। আছে সিলড্ৰেন‌ পাৰ্কও। ঘাঁহেৰে আবৃত বিশাল লনখনৰ কাষত‌ আছে নান্দনিক গুণেৰে ভৰা বিভিন্ন ধৰণৰ হস্তশিল্প, প্ৰতিমূৰ্তি আৰু ভাস্কৰ্য্য। বাগিচাৰ ৰেষ্টুৰেণ্টো আছে। আবাসিকৰৰ বাবে ২৫টা কোঠা নিৰ্মাণ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments