ডিজিটেল ডেস্ক, ANEWS24X7: ‘ৰামচন্দ্ৰ আহিছে, ৰভাতলত বহিছে…’। কইনা আনিবলৈ সাজু ৰামচন্দ্ৰ । আয়তীৰ উৰুলি আৰু বিয়ানামৰ ধ্বনিৰে মুখৰিত সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁৱৰ ঘৰখন।
উদুলি-মুদুলি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়াৰ ৰভাতলী।দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পীজনে। ডিচেম্বৰত হৈছিল আচুৰ্য আৰু মিনাক্ষীৰ এংগেজমেণ্ট আৰু অৱশেষত পালেহি বিয়াৰ দিন।
ইপিনে ২৭ ফেব্ৰুৱাৰীত বিয়াৰ পিছত ২ মাৰ্চত আচুৰ্যৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসভৱনত হ’ব অভ্যৰ্থনা অনুষ্ঠানত।