ডিজিটেল ডেস্ক, ANEWS24X7: নৱম শ্ৰেণীলৈ পঢ়া হিমাংশু হ’ল ‘SI ছাৰ’। কান্ধত ষ্টাৰ, কঁকালত পুতলা পিষ্টল ওলমাই বুকু ফিন্দাই গৈ থাকোতেই পৰিল আৰক্ষীৰ জালত। হয় ইউটিউবাৰ হিমাংশু কলিতা হ’ল আৰক্ষী বিষয়া কিন্তু আৰক্ষী বিষয়া হৈয়ে হিমাংশু কলিতাক দৰকাৰ হ’ল দুজন দেহৰক্ষী।
লগে লগে যোগাযোগ কৰে আন এজন ইউটিউবাৰ চৰাইদেউ জিলাৰ ভাস্কৰ বৰুবাক। চাকৰিৰ আশাত ভাস্কৰ আহি উপস্থিত হয় তেজপুৰত। তেতিয়াহে উৰহী গছৰ ওৰ ধৰা পৰে ।
তেজপুৰৰ ২নং কলিতাগাঁৱৰ বাসিন্দা হিমাংশু কলিতাৰ মন আৰক্ষী বিষয়া হোৱাৰ কিন্তু নৱম মান শ্ৰেণীলৈকে পঢ়ি শিক্ষা সমাপ্ত কৰা হিমাংশুৱে জানিছিল যে সপোন শেষ হৈছে তেওঁৰ আৰক্ষী হোৱাৰ। সেয়ে অনলাইনযোগে ক্ৰয় কৰে এযোৰ আৰক্ষীৰ পোছাক। আৰক্ষীৰ পোছাক পৰিধান কৰি হিমাংশু হৈ পৰে স্বয়ম্ভু আৰক্ষী বিষয়া।