Tuesday, July 8, 2025
Homeঅসমসদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰংগ আলাপ

সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰংগ আলাপ

ডিজিটেল ডেস্ক, ANEWS24X7: আজি গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান।

সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে আঁতধৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেন চন্দ্ৰ নাথ, অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক লুইচ আইণ্ড, তথা নাজিৰাৰ নিৰ্বাচনী বিষয়া, কাৰ্যবাহী দণ্ডাধীশ অংশুলেখা দত্ত পাঠক আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন প্ৰাধ্যাপক ড০ ডম্বৰুধৰ নাথ৷

শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত আমন্ত্ৰিত বিশিষ্ট অতিথি সকলে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাৰতীয় প্ৰশাসনিক সেৱাত সফলতা লাভ কৰিবলৈ কিদৰে নিজক প্ৰস্তুত কৰিব পাৰি সেই সন্দৰ্ভত ভাষণ ৰাখে৷

কিদৰে সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব পাৰিসেই সন্দৰ্ভত নিজা অভিজ্ঞতা বাখ্যা কৰে আমন্ত্ৰিত অতিথি সকলে। অনুষ্ঠানৰ শেহৰ ফালে আমন্ত্ৰিত বিশিষ্ট অতিথি সকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় ছাত্ৰ-ছাত্ৰী সকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments