ডিজিটেল ডেস্ক, A NEWS 24×7 : দেওবাৰে পুৱাৰ ভাগত মেঘালয়ত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় এজন ভোটগ্ৰহণ বিষয়া। আন ভোটগ্ৰহণ বিষয়াৰ সৈতে ফ’টামাটিলৈ গৈ থকা অৱস্থাত পশ্চিম গাৰো পাহাৰৰ টিক্ৰিকিলাৰ সমীপত সংঘটিত দুৰ্ঘটনা সংঘটিত হৈ আৰু আঘাতপ্ৰাপ্ত হৈছিল চেছান মাৰাক নামৰ নিহত লোকজন।
তুৰাৰ বাসিন্দা মাৰাক গাম্বেগ্ৰে ব্লকত এমজিএনৰেগাৰ কাৰিকৰী সহায়ক হিচাপে কৰ্মৰত আছিল আৰু জাংৰাপাৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ বিষয়া হিচাপে নিয়োজিত হৈছিল।
জানিব পৰা মতে, গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ঘটনাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে। ততাতৈয়াকৈ মাৰাকক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চেছানক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰে চেছান মাৰাকে।
উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত মেঘালয়ৰ ৩৪১৯টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। ৩৬ গৰাকী মহিলাকে ধৰি ৩৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ২ মাৰ্চত গণনা হ’ব ভোট।