ডিজিটেল ডেস্ক, A NEWS 24×7 : সন্ধান ওলাল সেনাত কৰ্মৰত তিনিচুকীয়া ফিল’বাৰীৰ বিতুপনৰ। আজি পূৱাই ঘৰলৈ ফোন কৰিলে বিতুপনে।
দিল্লীত দুষ্টচক্ৰই কাঢ়ি নিলে বিতুপনৰ ম’বাইল, টকা আৰু সকলো বয়বস্তু। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা যোগাযোগ কৰিলে ঘৰৰ সৈতে। নতুন দিল্লীত দুষ্ট চক্ৰৰ কৱলত পৰিছিল ২২ তাৰিখৰ পৰা সন্ধানহীন বিতুপন মেচ।
দিল্লীৰ পৰা নিৰুদ্দেশ হৈ আছিল অসমৰ এজন ভাৰতীয় সেনা জোৱান বিতুপন মেচ। অসমৰ পৰা জম্মু-কাশ্মীৰত পোষ্টিংৰ বাবে গৈ থকা অৱস্থাত ২২ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল বিতুপন মেচ। তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ নিবাসী বিতুপন মেচে ২০২০ চনত ভাৰতীয় সেনাবাহিনীত নামভৰ্তি কৰিছিল।