ডিজিটেল ডেস্ক, ANEWS24X7:আজি মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ নেতা ভাস্কো ডি’ শইকীয়াই এখনি সংবাদমেলৰ আয়োজন কৰে।
ৰাজ্যত সংঘটিত হৈ থকা আৰক্ষীৰ হাতত এনকাউণ্টাৰৰ বিৰোধিতা কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি দলটোৰ নেতৃত্বই কয়,এনকাউণ্টাৰৰ নামত অসমত এতিয়া মুক্ত হত্যাৰ যজ্ঞ চলিছে, আৰু এই যজ্ঞৰ পুৰোহিত আন কোনো নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰাৰ পাছত যোৱা দুটা বছৰত ৰাজ্যত ১৭৬টা এনকাউণ্টাৰ সংঘটিত হৈছে।
য’ত বৰ্তমানলৈ ৬১ জন লোক মৃত্যুৰ মুখত পৰিছে। ঘুনিয়া হৈছে ১৪৫ জন লোক। আশ্চৰ্যজনক ভাৱে ইমানবোৰ এনকাউণ্টাৰৰ ভিতৰত এতিয়ালৈ মাত্ৰ দুটাহে এনকাউণ্টাৰৰ আনুষ্ঠানিক তদন্ত হৈছে। উচ্চ পৰ্যায়ৰ তদন্তৰ এটা আছিল নগাঁৱৰ কীৰ্তি কমল এনকাউণ্টাৰ আৰু দৰঙ এনকাউণ্টাৰ। কীৰ্তি কমল এনকাউণ্টাৰৰ তদন্ত বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া তদন্ত সমিতিয়ে, আৰু দৰং এনকাউণ্টাৰৰ তদন্ত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে কৰি ভুৱা এনকাউণ্টাৰ কৰা দোষী আৰক্ষী বিষয়াক শাস্তি প্ৰদান কৰে।
ৰাইজৰ দলে এই সকলো এনকাউণ্টাৰ স্ক্ৰিপ্টেড অৰ্থাৎ পৰিকল্পিত বুলি কয়। ৰাইজৰ দলে এনকাউণ্টাৰত জড়িত আৰক্ষী বিষয়া সকলক কয় চৰকাৰ সদায় নাথাকে। ২০২৬ৰ পাছত অসমত নাথাকে বিজেপি চৰকাৰ। বিজেপি শাসনৰ পৰা আঁতৰ হ’লেই আইনী প্ৰক্ৰিয়াৰ সম্মুখীন হ’ব লাগিব এনকাউণ্টাৰ কৰা বিষয়া।
ইমানতে ক্ষান্ত নাথাকি ৰাইজৰ দলে কয়, যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিবা প্ৰকাৰে এই এনকাউণ্টাৰৰ লগত জড়িত তেন্তে জেললৈ যাব লাগিব তেওঁ। কোনোবা আৰক্ষী বিষয়া অৱসৰ গ্ৰহণ কৰিলেও সাৰি নাযাব শাস্তিৰ পৰা। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অনুসৰণ কৰি অসমলৈ এনকাউণ্টাৰৰাজ, বুলডোজাৰ সংস্কৃতি আৰু জাতি ধৰ্ম চাই উচ্ছেদ কৰাৰ অভিযোগো সংবাদমেলত ব্যক্ত কৰিলে ৰাইজৰ দলে।