Thursday, November 7, 2024
Homeঅসমগীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সাজু বিহুৱা-বিহুৱতীসকল

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সাজু বিহুৱা-বিহুৱতীসকল

ডিজিটেল ডেস্ক,ANEWS24X7: ৪ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হ’ব লগীয়া বিহুৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে লগতে এই বৃহত্‍ অনুষ্ঠানত ৰাজ্যৰ সকলো জিলাৰ পৰা মুঠ ১১০০০ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব।

বিহুৰ আগন্তুক অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই মাষ্টাৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে। তেওঁলোকে নিজ নিজ জিলালৈ গৈ অনুষ্ঠানত অংশ লোৱাৰ বাবে নিৰ্বাচিত বিহুৱা-বিহুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। এইক্ষেত্ৰত ১৫ৰ পৰা ৩৫ বছৰ বয়সৰ বিহুৱা-বিহুৱতীসকলে অংশগ্ৰহণ কৰিব পাৰিব।

আনহাতে মাষ্টাৰ প্ৰশিক্ষকসকলে নিজ নিজ জিলাৰ নিৰ্বাচিত বিহুৱা-বিহুৱতীক ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ প্ৰশিক্ষণ দিব আৰু প্ৰশিক্ষণৰ পিছত ৮ এপ্ৰিলত গুৱাহাটীলৈ আহিব । যত ৯ৰ পৰা ১২ এপ্ৰিললৈ ড্ৰেছ ৰিহাৰ্চেল কৰিব আৰু ১৩ তাৰিখে জিৰণি লৈ ১৪ তাৰিখে গীনিজ ৰেকৰ্ডৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিব।

ইফালে ১৫ৰ পৰা ৩৫ বয়সৰ বিহুৱা-বিহুৱতীসকলে অংশগ্ৰহণ কৰিব পাৰিব। ২৭ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ প্ৰশিক্ষণৰ সময়ত ৩০০ টকাকৈ যাতায়াতৰ বাবে বিহুৱা-বিহুৱতীসকলক দিয়া হ’ব। ইয়াৰ লগতে সমগ্ৰ অনুষ্ঠানটোৰ বাবে বিহুৱা-বিহুৱতীসকলক ১০,৫০০ টকা প্ৰদান কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments