ডিজিটেল ডেস্ক, A NEWS 24×7 : নেলীত অগধন লৈও সংগীত পৰিৱেশন কৰিবলৈ নোযোৱা বিতৰ্কৰ পাছত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে জুবিন। শিৱসাগৰত অনুষ্ঠানত উপস্থিত হৈয়ো এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামি আহিল জুবিন গাৰ্গ।
মংগলবাৰে নিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। কিন্তু মঞ্চত গান গাবলৈ উঠাৰ পিছতে ‘আজি মোৰ গান গাবলৈ মন নাই’ বুলি কৈ এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চ ত্যাগ কৰে জুবিনে। ঘণ্টা ঘণ্টা ধৰি জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ ৰৈ থকা দৰ্শকক গুৰুত্ব নিদি এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামি অহা ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, মংগলবাৰে অনুষ্ঠিত হৈছিল বিধায়ক অখিল গগৈৰ উদ্যোগত অনুষ্ঠিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়ালৈ আমন্ত্ৰণ জনাইছিল জুবিন গাৰ্গক। জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ ৰৈ আছিল হাজাৰ হাজাৰ দৰ্শক। কিন্তু সকলোকে নিৰাশ কৰি এটাও গীত পৰিৱেশন নকৰাকৈ উভতিল জুবিন গাৰ্গ। এই ঘটনাৰ পিছতে একাংশ দৰ্শকে শিৱসাগৰত জুবিন গাৰ্গক বৰ্জন কৰাৰো দাবী উত্থাপন কৰিছে।