Sunday, July 6, 2025
Homeউত্তৰ-পূৱজল্পনা-কল্পনা শেষ!ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী পদৰ শপত ল’লে কনৰাড চাংমাই

জল্পনা-কল্পনা শেষ!ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী পদৰ শপত ল’লে কনৰাড চাংমাই

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য নেতাসকলৰ উপস্থিতিত কনৰাড চাংমাই মঙলবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এইবাৰ মেঘালয়ত দুজন উপ মুখ্যমন্ত্ৰী থাকিব – তেওঁলোক ক্ৰমে প্ৰেষ্টেন টিনচং আৰু স্নিয়াৱভলাং ধৰ।

মেঘালয়ৰ দৰে এখন সৰু ৰাজ্যৰ বাবে য’ত মাত্ৰ ৬০ জনহে নিৰ্বাচিত প্ৰতিনিধি আছে তাত দুজন উপ মুখ্যমন্ত্ৰীৰ অন্তৰ্ভুক্তিয়ে সমালোচনাৰ সৃষ্টি কৰিব পাৰে।

চাংমাই অৱশ্যে এই কথা অস্বীকাৰ কৰি কয়: “মই নাভাবো যে কোনো ধৰণৰ সমালোচনা হোৱা উচিত। মেঘালয়ত, পূৰ্বৱৰ্তী চৰকাৰবোৰতো দুজন উপ মুখ্যমন্ত্ৰী আছিল। মই ইয়াৰ সলনি কওঁ, দুজন উপ মুখ্যমন্ত্ৰীক অন্তৰ্ভুক্ত কৰাটোৱে সামগ্ৰিকতাক প্ৰতিনিধিত্ব কৰে।”

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰোঁতে চাংমাই পৰৱৰ্তী পাঁচ বছৰৰ বাবে তেওঁৰ চৰকাৰী অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰি কয়- “আমি আগতেও যিবোৰ ক্ষেত্ৰত গুৰুত্ব দিছিলো, সেই বোৰ ক্ষেত্ৰত কাম কৰি যাম, মুখ্যতঃ আন্তঃগাঁথনিৰ বিকাশ, স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ উন্নতি, সমাজ কল্যাণ আদি নিশ্চিত কৰাৰ বাবে। ৰাজ্যখনৰ যুৱপ্ৰজন্মক নিযুক্তিৰ সুযোগ প্ৰদান ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব”৷

এই বছৰৰ বিধানসভা নিৰ্বাচনত নিবনুৱা সমস্যা এটা ডাঙৰ বিষয় আছিল য’ত বিৰোধী তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে বিষয়টোত এনপিপি চৰকাৰক আক্ৰমণৰ লক্ষ কৰি লয়।

চাংমাই আৰু কয় যে তেওঁৰ পূৰ্বৰ কাৰ্যকালত চৰকাৰৰ প্ৰকল্প আৰু আঁচনিসমূহৰ বিতৰণ প্ৰণালী উন্নত কৰাৰ বাবে যথেষ্ট গুৰুত্ব দিয়া হৈছিল।

তেওঁ কয়, “আমি সেই কাম অব্যাহত ৰাখিম আৰু নিশ্চিত কৰিম যে চৰকাৰৰ বিভিন্ন পদক্ষেপৰ প্ৰভাৱ তৃণমূল পৰ্যায়ত ভালদৰে অনুভৱ কৰিব পাৰি।”

আবু তাহেৰ মণ্ডল, কিৰমেন শ্যেলা, মাৰ্কুইজ এন মাৰাক, ৰক্কাম এ চাংমা, আলেকজেণ্ডাৰ লালু হেক, আমপাৰেন লিংডো, পল লিংডো আৰু কামিংওন য়ম্বোৱেও কনৰাড কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments