ডিজিটেল ডেস্ক ANEWS24X7: আজি গণেশ চতুৰ্থী ৷ দেশজুৰি ১০ দিনিয়াকৈ পালন কৰা হৈছে গণেশ চতুৰ্থী ৷ মহাৰাষ্ট্ৰত প্ৰতি বছৰৰ দৰে এই বছৰো ব্যাপক ৰূপত উদযাপন কৰা হৈছে গণেশ চতুৰ্থী ৷ ব্যতিক্ৰম নহয় অসমো ৷
অসমৰ বিভিন্ন প্ৰান্তত থকা গণেশ মন্দিৰ সমূহৰ লগতে ব্যক্তিগতভাৱে নিজ নিজ বাসগৃহত ৰাইজে পালন কৰিছে গণেশ চতুৰ্থী ৷ আনহাতে গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল গণেশ মন্দিৰ , নিউ গুৱাহাটীৰ গণেশ মন্দিৰ , খানাপাৰা গনেশ মন্দিৰকে আদি কৰি গণেশ মন্দিৰ সমূহত নিশাৰ ভাগৰে পৰা পূজা আগবঢ়াবলৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ।