ডিজিটেল ডেস্ক,ANEWS24X7: উপযুক্ত চিকিৎসাৰ অভাৱত পৰ্তুগালত মৃত্যু হৈছিল এগৰাকী ভাৰতীয় গৰ্ভৱতী মহিলা ৷ ইয়াৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় পৰ্তুগালৰ স্বাস্থ্য মন্ত্ৰী মাৰ্টা টেমিডো ৷কেৱল স্বাস্থ্য মন্ত্ৰী গৰাকীয়েই নহয় এই ঘটনাৰ পাছতে ছচিয়েল মিডিয়াত পৰ্টুগাল চৰকাৰো সমালোচনাৰ সন্মুখীন হয়।
দেশজুৰি সমালোচনাৰ মাজতে মঙলবাৰে পদত্যাগ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ৩৪ বছৰীয়া ভাৰতীয় গৰ্ভৱতী মহিলা পৰ্যটকক লিছবানৰ এখন হস্পাতাললৈ লৈ যোৱা হৈছিল । কিন্তু চিকিৎসালয় খনত বিচনা খালী নথকাৰ বাবে মহিলা গৰাকীক অন্য এখন হস্পাতালৈ স্থানান্তৰ কৰা হৈছিল । সেই সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে মহিলা গৰাকী । অৱশ্যে তাৰ পূৰ্বে মহিলা গৰাকীৰ এটি সন্তান জন্ম হয়।
উল্লেখ্য যে কভিডৰ সময়ত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ পদক্ষেপৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈছিল মাৰ্টা টেমিডো ৷ অৱশ্যে কিছু দিন পূৰ্বে চিকিৎসকৰ অভাৱৰ বাবে দেশখনৰ প্ৰসূতি বিভাগৰ জৰুৰিকালীন সেৱা সাময়িক বাবে বন্ধ কৰি দিয়া হৈছিল ৷এই সিদ্ধান্তৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল স্বাস্থ্যমন্ত্ৰী মাৰ্টা টেমিডো ৷ অৱশ্যে দেশখনত চিকিৎসাৰ অভাৱত প্ৰসূতি মৃত্যু হোৱাৰ ঘটনা এইয়াই প্ৰথম নহয় ৷
স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগ সন্দৰ্ভত পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ কোষ্টাই কয় যে ,‘‘স্বাস্থ্যমন্ত্ৰী মাৰ্টা টেমিডোৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছো ৷দ্বায়িত্ব স্বিকাৰ কৰি পদত্যাগ কৰাৰ বাবে তেওঁক ধন্যবাদ জনাইছো ৷অতি শীঘ্ৰে দেশৰ স্বাস্থ্য ব্যৱস্থা আৰু উন্নত কৰা হ’ব ৷’’