ডিজিটেল ডেস্ক, A NEWS 24×7: অসম চৰকাৰে ঘোষণা কৰিছে যে চলিত বৰ্ষৰ পৰা ৰাজ্যত মধ্য ইংৰাজী শিক্ষকৰ যোগ্যতা পৰীক্ষা মাধ্যমিক টেট পৰীক্ষা অনুষ্ঠিত নহয়।
জানিব পৰা মতে, ৰাজ্যৰ শিক্ষা বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যত আৰু মাধ্যমিক টেট পৰীক্ষা অনুষ্ঠিত নহয়।অৱশ্যে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কোনো নিৰ্দেশ বা নিৰ্দেশনা জাৰি কৰা নাই।চলিত বৰ্ষৰ জানুৱাৰী মাহত অসম চৰকাৰে জনাইছিল যে আগন্তুক দুবছৰলৈ ৰাজ্যত টেট অনুষ্ঠিত নহ’ব।
অসমৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে উপলব্ধ খালী পদৰ বিপৰীতে বহু পৰীক্ষাৰ্থীয়ে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা বাবেই এই সিদ্ধান্ত লৈছে।
পেগুৱে কয়, ‘চিটিইটিৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে এতিয়া এই বছৰৰ পৰা চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে চিটিইটিৰ যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীয়ে খালী পদৰ বিপৰীতে আবেদন দাখিল কৰিব পাৰিব।”