ডিজিটেল ডেস্ক, A NEWS 24X7 : সৰুসজাইত বিহুৰ আখৰাৰ সময়তে অঘটন। প্ৰখৰ ৰ’দত ঢলি পৰিল কেইবাগৰাকীও নাচনী। ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা নাচনীকেইজনীৰ।
উল্লেখ্য যে, ১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে সৰুসজাই ষ্টেডিয়ামত একেলগে নাচিব ১১ হাজাৰৰো অধিক নাচনীয়ে।
বিশ্ব অভিলেখৰ উদ্দেশ্যে হ’বলগীয়া অনুষ্ঠানৰ বাবে এতিয়া পূৰ্ণগতিত চলিছে প্ৰস্তুতি। সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা অনুষ্ঠিত হৈছে চূড়ান্ত আখৰা। অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।