Thursday, November 7, 2024
Homeঅসমআজি গৰু বিহু, উজনিৰ পৰা নামনিলৈ উলহ-মালহেৰে উদযাপন বাপতি সাহোন ৰঙালী বিহু

আজি গৰু বিহু, উজনিৰ পৰা নামনিলৈ উলহ-মালহেৰে উদযাপন বাপতি সাহোন ৰঙালী বিহু

ডিজিটেল ডেস্ক, ANEWS24X7: আজি গৰু বিহু। ব’হাগ বিহুৰ প্ৰথম দিনটো‌ গৰু বিহু হিচাপে পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ হৈছে গৰু বিহু। গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ।

ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। গাঁৱৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰে গৰু বিহু । পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গৰুক গা ধুৱায়। গা ধুৱাই লাওঁ, বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।’

“দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত”

জনপ্ৰবাদ অনুসৰি, পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।

সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ বহু ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments