ডিজিটেল ডেস্ক, anews24x7: আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।তিনিচুকীয়াবাসীৰ বাবে সুখবৰ। তিনিচুকীয়া মেডিকেল কলেজলৈ ৬১৪.৯৩ কোটি টকাৰ অনুমোদন ৰাজ্য চৰকাৰৰ। আনহাতে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় কেবিনেটে।
ঠিকাভিত্তিক কৰ্মচাৰীৰ ৩%কৈ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লয়।অসমৰ ৫খন মিনি ITIৰ ১৭০ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবেও দৰমহা বৃদ্ধি । মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুর্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।
৩ মে’ত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ ফলাফল, ৪ মে’ত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ ফলাফল। চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত প্ৰদান কৰিব ৫০ হাজাৰ নিযুক্তি। ১১ মে’ত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান। গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত প্ৰদান কৰিব নিযুক্তি পত্ৰ। নিযুক্তি লাভ কৰাসকলে ১ জুনত যোগদান কৰিব লাগিব চাকৰিত