Monday, July 7, 2025
Homeঅসমজুৰীয়াত লাম্পি স্ক্ৰীণ ডিজিছৰ ভয়ঙ্কৰ ৰূপ

জুৰীয়াত লাম্পি স্ক্ৰীণ ডিজিছৰ ভয়ঙ্কৰ ৰূপ

ডিজিটেল ডেস্ক, ANEWS24X7: জুৰীয়াত পহু পালকৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। সমগ্ৰ জুৰীয়া অঞ্চলতে পশুধনৰ ওপৰত ছানী ধৰিছে লাম্পি স্ক্ৰীণ ডিজিছ নামৰ এক মাৰাত্মক বেমাৰে। জুৰীয়াত নিতৌ আক্ৰান্ত হৈছে শ-শ পশুধনৰ। এতিয়ালৈকে সমগ্ৰ জুৰীয়াৰ অঞ্চলতে বহু পশুধন এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। এক প্ৰকাৰৰ ক’বলৈ গ’লে এই বেমাৰে জুৰীয়াত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।

জুৰীয়া পহু চিকিৎসালয়ত শ-শ লাম্পিত আক্ৰান্ত গৰু ছাগলী লৈ পহু পালকৰ ভিৰ কৰিছেহি। কিন্তু এই বেমাৰৰ কোনো চিকিৎসা বা ঔষধ নাই জুৰীয়া পহু চিকিৎসালয়ত। দৰিদ্ৰ লোকৰ গো-ধনৰ মৃত্যু ৰোধ কৰাত ব্যৰ্থ হৈছে পশুচিকিৎসা বিভাগ।

উল্লেখযোগ্য যে এই ৰোগত প্ৰথমতে গৰুৰ গোটেই গাত ফোহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘা লাগি যায়। যাৰ ফলত অত্যন্ত দুৰ্বল হৈ পৰে পশুধন। অৱশেষত বহু কেইটা গৰুৰ মৃত্যু হোৱা দেখা গৈছে । যাৰ বাবে কৃষক তথা পশুপালক সকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments