ডিজিটেল ডেস্ক, anews24x7: মাজুলীত পুনৰ বিতৰ্কত সোমাল কৰিশ্মা নাথ। সোণাৰীআটী নৱজ্যোতি কৃষ্টি সংঘত অনুষ্ঠিত সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ দ্বি-বাৰ্ষিক মাজুলী অধিৱেশনত নিশা নাগাৰা নাম পৰিৱেশন থলীত অথন্তৰ।
ভুলকৈ জাতীয় সংগীত পৰিৱেশন কৰাৰ লগতে নাম পৰিৱেশনৰ মাজত ভৰিৰে আঁতৰাই অসমৰ স্বাভিমান গামোচাক অপমান কৰিশ্মাৰ। পে পে পে পৰিৱেশনেৰে বিতৰ্কত সোমাই সদৌ অসম নাগাৰা নাম মঞ্চৰ পৰা বহিস্কাৰ হোৱা কৰিশ্মাৰ যেন খোজে প্ৰতি অপৰাধ।
https://fb.watch/kgurG4yvFI/?mibextid=KqmhJm
নাগাৰা নামৰ ভুল ব্যাখ্যাৰে বিতৰ্কত সোমাই সদৌ অসম নাগাৰা নাম মঞ্চৰ পৰা বহিস্কাৰ হোৱা কৰিশ্মা নাথক বিতৰ্কই লগ এৰা নাই।এইবাৰ নাগাৰা নাম পৰিৱেশন থলীত পুনৰ দুবাৰকৈ অথন্তৰ ঘটি কৰিশ্মা পুনৰ বিতৰ্কত সোমাই পৰিছে।
নিশা মাজুলীৰ সোনাৰীআটী নৱজ্যোতি কৃষ্টি সংঘত সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ দ্বি-বাৰ্ষিক মাজুলী অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশনৰ বাবে আমন্ত্ৰিত শিল্পী কৰিশ্মা নাথৰ সৈতে উদ্যোক্তা সকলে জাতীয় সংগীত ভুলকৈ পৰিৱেশন কৰাৰ লগতে কৰিশ্মাই নাম পৰিৱেশনৰ মাজতে কান্ধৰ পৰা অসমীয়াৰ স্বাভিমান গামোচা মজিয়াত থৈ ভৰিৰে আঁতৰাই দিয়া গৰ্হিত কাৰ্যই সমগ্ৰ মাজুলীতে চৰ্চিত হৈছে।
নাগাৰা নামৰ ভুল পৰিৱেশন আৰু নাম পৰিৱেশনৰ মাজত বিভিন্ন ধৰণেৰে বাৰম্বাৰ বিতৰ্কৰ মাজত সোমাই পৰা কৰিশ্মাই জাতীয় সংগীত ভুলকৈ পৰিৱেশন কৰা আৰু গামোচাক ভৰিৰে আঁতৰাই অপমান কৰা কাণ্ডৰ সন্দৰ্ভত পৰৱৰ্তি সময়ত অসমৰ ৰাইজক কি উত্তৰ দিব সেয়া লক্ষণীয় হ’ব।
*