Monday, July 7, 2025
Homeঅসমবিকাশৰ ভাগিৰথী যাত্ৰাৰে ডিফুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৫টা বৃহৎ ঘোষণা...

বিকাশৰ ভাগিৰথী যাত্ৰাৰে ডিফুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৫টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্ক, ANEWS24X7: বিকাশৰ ভাগিৰথী যাত্ৰাৰে ডিফুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ২৫০৩ কোটি টকাৰ ডিফুৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসম-মেঘালয় সীমান্তত শান্তি স্থাপন কৰাৰ বাবে সহায়ক হ’ব নৱনিৰ্মিত পথবোৰ। জৰাজীৰ্ণ হৈ থকা ডিফু-ধনৰিশিৰ মাজৰ পথছোৱা নিৰ্মাণেৰে নগালেণ্ডৰ ডিমাপুৰৰ সৈতে সংযোগ কৰা হ’ব।

ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক সংযোগ কৰিবলৈ বিশেষ পথ নিৰ্মাণ কৰা হ’ব। উৰুণ সেতুৰ জৰিয়তে সংযোগ হ’ব দুয়োখন জিলা। সুচল হ’ব যাতায়ত।

ৰাজ্যবাসীলৈ ৫টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়, আত্মসহায়ক গোট, ৰেচন কাৰ্ড, চৰকাৰী ধনৰ সাহায্য লৈকে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

জয়ৰাম ইংলেঙৰ বিজেপি ত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – তেওঁ বহুদিন ধৰি পাৰ্টিত নাছিলে, আমাক অসুস্থ হৈ থকা বুলিহে কৈছিল। বাতৰি কাকততহে পাইছোঁ যোগদান কৰাৰ কথা। পদত্যাগ কৰাৰ দিনাহে গম পাইছোঁ তেওঁ যে বিজেপিত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments