মেষ ৰাশি – আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। আপোনাৰ সমস্যা সমূহ অতি গুৰুত্বপূৰ্ণ হব ,কিন্তু ওচৰে পাজৰে থকা লোক সমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব । সিহঁতৰ এনেকুৱা অনুভৱ হব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব। বিনাকাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব ,এইটোয়ে আপোনাৰ বাবে ভাল হ’ব।
বৃষ ৰাশি – আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। বন্ধুৰ লগত ইতিকিং কৰা সময়ত নিজৰ সীমা সদায় মনত ৰাখিব নহ’লে বন্ধুত্ব বেয়া হব পাৰে।
মিথুন ৰাশি – ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব।। ঘৰত আজি আপোনাৰ ভাল গুণ বোৰৰ কথা আলোচনা হ’ব।
কৰ্কট ৰাশি – কামৰ মাজঅত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। ঘৰত সংবেদনশীল বিষয় সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে।
সিংহ ৰাশি – প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱন সংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সুত্ৰপাত কৰিব পাৰে। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।
কন্যা ৰাশি – ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। পৰিয়ালৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে।
তুলা ৰাশি – হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক ,কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয় কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। বন্ধুৰ লগত ইতিকিং কৰা সময়ত নিজৰ সীমা সদায় মনত ৰাখিব নহ’লে বন্ধুত্ব বেয়া হব পাৰে।
বৃশ্চিক ৰাশি – দূৰণি বটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। সম্বন্ধীয় আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব। বহুত মানুহৰ বাবে আজিৰ ৰোমাণ্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব । আপুনি কিছু সময় আপোনাৰ ব্যক্তিত্ব ঠিক কৰাত ব্যৱহাৰ কৰিব। কাৰণ আকৰ্ষক ব্যক্তিত্ব আত্ম নিৰ্ভৰ হোৱাত বহুত ডাঙৰ বৰঙনি যোগায়।
ধনু ৰাশি – আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আজি আপুনি জীৱন সংগীৰ প্ৰেমত হাবুডুবু খাই নিজে ৰাজস্বী অনুভৱ কৰিব। ধনাত্মক চিন্তাধাৰা জীৱনত আচৰিত ধৰণৰ জাদু কৰিব পাৰে -প্ৰেৰণাদায়ক কিতাপ পঢ়িলে অথবা ফিল্ম দেখিলে আজিৰ দিনটো বঢ়িয়া ভাৱে অতিবাহিত হব।
মকৰ ৰাশি – আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। জীৱনটোয়ে আপোনাক ভল অনুভূতিও প্ৰদান কৰে খালি আপুনি অনুভূতি বোৰ বুজি পাব লাগে।
কুম্ভ ৰাশি – আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব।
মীন ৰাশি – আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহতে আপোনাক আগৰ ধাৰে লোৱা পইচাই ঘুৰাই দিয়া নাই। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ’লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।