Monday, July 7, 2025
HomeঅসমCBIক অৰ্পন জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰক্ৰিয়া

CBIক অৰ্পন জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰক্ৰিয়া

ডিজিটেল ডেস্ক, ANEWS24X7: উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক লৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ এক সংবাদমেল । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত ডি জি পি জি পি সিঙে কয় , ১৬ তাৰিখে মাজনিশা এটা খবৰ আহিছিল জোনমণিৰ ৰাভাৰ মৃত্যু ঘটিছে।

ইপিনে প্ৰাথমিক অনুসন্ধানৰ ওপৰত ভিত্তিত কৰি এই গোচৰটো চিআইডিক দিয়া হৈছিল লগতে তিনিদিন ধৰি এই গোচৰৰ তদন্ত চিআইডিয়ে কৰিছিল। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ঘটনাক সম্পৰ্কত জনোৱা হৈছিল আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, চিআইডিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো সন্দেহ নাই। কিন্তু এই সিদ্ধান্ত জনসাধাৰণৰ আবেগ আৰু নিৰপেক্ষতাৰ খাতিৰত লোৱা হৈছে। দ্বিতীয় কাৰণ হ’ল আমাৰ এজন বিষয়া নিহত হৈছে, সেইবাবে নিৰপেক্ষ সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাটো প্ৰয়োজন। আমি আশা কৰিছো চিআইডিয়ে স্বচ্ছ আৰু সঠিক তদন্ত কৰিব।

৩০ দিনৰ ভিতৰত নকল সোণৰ বেহা উৎখাত কৰাৰ আশ্বাসো প্ৰদান কৰিলে ডিজিপি জি পি সিঙে লগতে আৰক্ষীক সকীয়নি দি কয়, অপৰাধজনিত কাৰ্যত জড়িত যিকোনো আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হ’ব মুখ্য কাৰ্যালয়। কাকো ৰেহাই দিয়া নহ’ব। জি পি সিঙে কয়, নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান চলিছে। ৭১জনক গ্ৰেপ্তাৰ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments