ডিজিটেল ডেস্ক, ANEWS24X7: বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰণ কৰি দিলে শিক্ষা বিভাগে। সকলো বিদ্যালয়ৰ ক্ষেত্ৰতে পোছাক নিৰ্ধাৰণ কৰি দিলে । শিক্ষকসকলে ফৰ্মেল ড্ৰেছত আহিব লাগিব বিদ্যালয়লৈ।
ফৰ্মেল ছাৰ্ট–পেণ্ট পিন্ধি আহিব লাগিব শিক্ষসকলে। কোনো ধৰণৰ কেজুৱেল পোছাক যেনে টি–ছাৰ্ট, জিন্স আদি পিন্ধিব নোৱাৰিব। ইপিনে শিক্ষয়িত্ৰীসকলে মাৰ্জিত ছেলোৱাৰ–কামিজ, শাড়ী, মেখেলা–চাদৰ পিন্ধি আহিব পাৰিব বিদ্যালয়লৈ। কেজুৱেল পোছাক যেনে টি–ছাৰ্ট, জিন্স, লেগিংছ আদি শিক্ষয়িত্ৰীসকলে পিন্ধি আহিব নোৱাৰিব।
শিক্ষক–শিক্ষয়িত্ৰী উভয়ে পৰিষ্কাৰ, মাৰ্জিত পোছাক পিন্ধি আহিব লাগিব। কোনো ধৰণৰ জকমকীয়া–পাৰ্টীৱেৰ পোছাক পৰিধান কৰিব নোৱাৰিব বিদ্যালয়ত।