ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজধানী ইম্ফলৰ লাম্বুলেন এলেকাত দুৰ্বৃত্তৰ অগ্নিসংযোগ৷ ইম্ফলৰ নিউ লেম্বুলেন অঞ্চলত দুষ্কৃতিকাৰীয়ে খালী ঘৰত অগ্নিসংযোগ কৰে। সেনাই জনোৱা মতে, আজি পুৱা ইম্ফলৰ উপকণ্ঠ অঞ্চলত সম্ভাৱ্য সংঘৰ্ষৰ ইনপুটৰ প্ৰতি সঁহাৰি জনাই সেনা আৰু অসম ৰাইফলছৰ এটা দল প্ৰেৰণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়।
সেনাৰ হৈ ৩ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২ টা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।
তাৎপৰ্যপূৰ্ণভাৱে ৩ মে’ত মণিপুৰত জনজাতীয় ঐক্য সমদলৰ সময়ত মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পাছৰে পৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষত ৭০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।
“অসামাজিক উপাদানসমূহে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তা প্ৰেৰণৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে যাৰ ফলত মণিপুৰ ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে, ”