ডিজিটেল ডেস্ক, anews24x7: আজি জোনমনি ৰাভাৰ আদ্যশ্ৰাদ্ধ। কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ ঘৰত ৰাভা জনগোষ্ঠীয় নীতি–নিয়মেৰে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।
জোনমণি ৰাভাৰ মৃত্যুৰ আজি ১১ দিন। মাতৃৰ অসুস্থতাৰ মাজতে জোনমণিৰ বাসগৃহত আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ। ৩০ মে’ত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ বাসগৃহতে হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
আনহাতে জোনমণিৰ মৃত্যুৰ পিছতে কন্যাৰ শোকত অসুস্থ হৈ পৰিছে জোনমণিৰ মাতৃ। জোনমণিৰ ভাতৃও অসুস্থ। আজি আত্মীয়–স্বজন আৰু ৰাইজৰ উপস্থিতিত আজি আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ। জোনমণিৰ ঘৰখনত আজিও দেখা গ’ল এক শোকাকুল পৰিৱেশ। কন্যাৰ আদ্যশ্ৰাদ্ধ পাতিবলগীয়া হোৱা মাতৃৰ যেন মুখৰ ভাষা হেৰাই গৈছে।
