ডিজিটেল ডেস্ক, anews24x7: জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালকৰ জামিন লাভক ৰে৷ ট্ৰাক চালক সুমিত কুমাৰৰ জামিন লাভ৷ ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৪২৭/৩০৪ ধাৰাত ৰুজু কৰা হৈছিল গোচৰ৷
জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সুমিত কুমাৰে৷ আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল ট্ৰাক চালক সুমিত কুমাৰক৷ জামিন লাভৰ পাছতে উত্তৰ প্ৰদেশৰ বাসগৃহত উপস্থিত সুমিত কুমাৰ৷
আনহাতে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা বোকাখাত ৰজাবাৰীৰ প্ৰণৱ দাস ওৰফে নালিয়াৰ ভাষ্য সংগ্ৰহ কৰাৰ বাবেই বোকাখাতৰ সমূহ বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক বোকাখাত আৰক্ষী থানালৈ তলব CID ৰ ৷ এজন এজনকৈ সকলো সাংবাদিকৰ ভাষ্য সংগ্ৰহ কৰিছে CID য়ে ৷
