ডিজিটেল ডেস্ক, anews24x7: অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জয়ৰামপুৰ পান বাৰীত অৰুণাচলী লোকৰ গুলিত নিহত এজন লোক । ইপিনে ঘটনাত গুৰুত্বৰ ভাৱে আহত ৩ জন । ইপিনে জনমনিতু গগৈ নামৰ লোকজনৰ ধেমাজি চিকিৎসালয়ত মৃত্যু হয় ।
পানবাৰীস্থিত অসম পুলিচৰ কেম্পত আগতিয়াকৈ গছপুলি ৰোপণৰ কথা জনাইছিল গাঁওবাসীয়ে কিন্তু প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ফলত বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ গছপুলি ৰোপণ কৰি থাকোতেই অৰুণাচলীৰ দুৰ্বৃত্তই বলেৰ’ পিকআপত আহি নিৰ্বিচাৰ গুলিচালনা কৰে ফলত থিতাতে নিহত হয় বগা চুতীয়া নামৰ এজন ব্যক্তি।
ইয়াৰউপৰিও অসমৰ তিনিজন ব্যক্তিক অৰোণাচলীয়ে ধৰি লৈ যায়। ঘটনা সংঘটিত হোৱা পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বৰ্তমানেও বিৰাজ কৰিছে। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচাৰোতেই আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় অসমৰ ব্যক্তি সকল লগতে অৰোণাচলীয়ে অপহৰণ কৰি লৈ যোৱা তিনিজন ব্যক্তিক অতি শীঘ্ৰে অৰোণাচলৰ পৰা উদ্ধাৰ কৰি আনিবলৈ দাবী জনাই।