ডিজিটেল ডেস্ক, anews24x7: সাধনা থাকিলে দৰিদ্ৰতা কেতিয়াওঁ হেঙাৰ হ’ব নোৱাৰে ৷ এই কথাকেই আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰমাণ কৰি দেখুৱালে চতিয়াৰ দুই ছাত্ৰছাত্ৰীয়ে ৷ চতিয়াৰ বৰঙাবাৰী গাৱঁৰ কুলদীপ নাথ আৰু চলাহোলা গাৱঁৰ দৰিদ্ৰ ঘৰৰ বিউতি বেগম নামৰ ছাত্ৰ ছাত্ৰীয়ে।
দুগৰাকীয়ে আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰক্ষীৰ ফলাফলত কুলদীপে পাচটা বিভাগত লেটাৰসহ প্ৰথম বিভাগ আৰু বিউতিয়ে তিনটা বিভাগত লেটাৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাত দুয়োটা অঞ্চলতে আনন্দৰ যোৱাৰ উঠিছে ৷ কুলদীপৰ পিতৃ মাতৃ দুয়োয়ে দৈনিক হাজিৰা কৰি একমাত্ৰ পুত্ৰক কোনো টিউচন অথবা অন্যান্য সুবিধা দিব পৰা নাছিল ৷
আনহাতে বিউতিৰ পিতৃয়েওঁ এখন সাধাৰণ দোকান দিয়েই চলাইছিল পৰিয়ালটো ৷ এই দুই ছাত্ৰছাত্ৰীৰ সাফল্যত আনন্দিত হৈ পৰিছে অঞ্চলৰ দুটাৰ জনসাধাৰণ ৷