Tuesday, July 8, 2025
Homeঅসমপুনৰ বিস্ফোৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

পুনৰ বিস্ফোৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ

ডিজিটেল ডেস্ক, anews24x7: পুনৰ বিস্ফোৰণ বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ নিজ দল আৰু বিজেপি বিধায়কৰ বিৰুদ্ধে গৰজি উঠিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত ৷

কাকনো বুলিম ককা চবৰে দাড়ি চুলি পকা ৷ মুল্যবৃদ্ধি আৰু চৰকাৰী কামকাজত বাৰুকৈয়ে অসন্তুষ্ট মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰএই উপলব্ধি ৷ বিধায়ক দেউৰীৰ মন্তব্য — নিজ দল হলেও বিজেপিয়ে কল্যাণকামী চৰিত্ৰ হেৰুৱাই পেলোৱাতো ভাল কথা হোৱা নাই ৷ প্ৰয়োজনত দলৰ বিৰুদ্ধাচৰণ কৰিব বুলিও কলে দেউৰীয়ে ৷

বিশেষকৈ ট্ৰাইবেল বেল্ট আৰু ব্লক সমুহৰ ক্ষেত্ৰত চৰকাৰী নীতিকলৈ ভীষণ অসন্তুষ্ট বিধায়ক দেউৰী ৷ ভুমিপুত্ৰ সকল যিদিনাই মাটি ভেটি হীন হব সেইদিনাই অসমৰ শাসনভাৰ বিদেশীৰ হাতলৈ যাব বুলি কয় বিধায়ক ৰমাকান্তই ৷

ট্ৰাইবেল বেল্ট আৰু ব্লক সংৰক্ষিত কৰাৰ ক্ষেত্ৰত আছুকো তুলাধূনাদি ৰমাকান্ত দেউৰীয়ে কয়যে — আছুৰ প্ৰতিটো আন্দোলন ফোটোকাৰ ফেন ৷ আছুৰ আন্দোলন মধ্যবিত্ত সুবিধাবাদী চৰিত্ৰৰ বাদে আন একো নহয় ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments