Monday, July 7, 2025
Homeঅসম১১ টা দলৰ ৪ টা মানৰ বাহিৰে বাকী দল কেইটাৰ কোনেও নামেই...

১১ টা দলৰ ৪ টা মানৰ বাহিৰে বাকী দল কেইটাৰ কোনেও নামেই শুনা নাই

ডিজিটেল ডেস্ক, ANEWS24X7: তেজপুৰত কংগ্ৰেছে ১১ টা দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া । ১১ টা দলৰ ৪ টা মানৰ বাহিৰে বাকী দল কেইটাৰ কোনেও নামেই শুনা নাই । কংগ্ৰেছে অস্তিত্ব নোহোৱা দলৰ সৈতে মিতিৰালি কৰিলে বিজেপিৰ কোনো ক্ষতি নহয় , নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় ।

কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে যিখিনি প্ৰত্যাহ্বান থাকিব বেলেগ দলৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও সেই একেখিনি প্ৰত্যাহ্বানে থাকিব । যোৱাবাৰ মহাজোঁট বন্ধন কৰিও কোনো প্ৰভাৱ পেলাব নোৱাৰিলে ।

আনহাতে কংগ্ৰেছসহ বিৰোধী ঐক্যক কটাক্ষ। ভোটৰ কাৰণে বদৰুদ্দিন আজমল আৰু অখিলউদ্দিন গগৈৰ মাজত কাজিয়া লাগিছে ।

উল্লেখ্য যে, বাক্সা জিলাৰ গোৰেশ্বৰৰ সমীপৱৰ্তী বগৰিবাৰীত আজি পুথিমাৰী নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক লগত লৈ মন্ত্ৰী হাজৰিকাই মথাউৰি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া, ঠিকাদাৰ তথা স্হানীয় ৰাইজৰ উপস্থিতিত মথাউৰি পৰিদৰ্শন কৰি ৭০শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। লগতে বাকী থকা কামসমূহ অতি সোনকালে আৰু মজবুতকৈ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments