ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা ।এইবাৰ স্থান বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা বনাঞ্চলৰ ডিভিজনত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা ।
ভূঞাপাৰা বনাঞ্চলৰ বন বিষয়া কামেশ্বৰ বড়োৰ গুলীত আহত দুই চোৰাং চিকাৰী ।পিঠি আৰু হাতত গুলী লাগে চোৰাং চিকাৰী দুজনৰ ।বনাঞ্চলিক বিষয়াৰ গুলীত আহত হৈ দৌৰি পলাবলৈ লওঁতেই কোকলাবাৰী বিটৰ বনকৰ্মীয়ে আটক কৰে চোৰাং চিকাৰী দুজনক ।চোৰাং চিকাৰী দুজন ধৰ্মেন্দ্ৰ ৱাৰী আৰু গোপাল বাহাদুৰ মগৰ ৷
বাক্সাৰ শিমলা থানাৰ বৰপাম আৰু দমৰুগুৰীৰ বাসীন্দা চোৰাং চিকাৰী দুজন ।বনাঞ্চলিক বিষয়া কামেশ্বৰ বড়ো আৰু কোকলাবাৰী বীটৰ দিপাংক দাসৰ নেতৃত্বত চলা অভিযানত পাঁচটা হাতেসজা বন্দুক , কেইবাজাই সক্ৰীয় গুলী আৰু বন গাহৰিৰ মাংস উদ্ধাৰ কৰা চোৰাং চিকাৰী দুজনৰ পৰা ।
সম্প্ৰতি বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মডিকেল কলেজত ভৰ্ত্তি আহত দুই চোৰাং চিকাৰী ।