Tuesday, July 8, 2025
Homeঅসমবিহ খুৱাই মাৰিলে তিনিটাকৈ কুকুৰ

বিহ খুৱাই মাৰিলে তিনিটাকৈ কুকুৰ

ডিজিটেল ডেস্ক, anews24x7:  বৰপেটাৰোডৰ শিমলাগুৰীত খাদ্যৰ লগত বিহ মিহলাই খুৱাই তিনিটাকৈ কুকুৰক মাৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অজ্ঞাত কোনো লোকে এই নিকৃষ্টমানৰ কাম কৰা বুলি অভিযোগ তুলিছে মৃত কুকুৰৰ গৰাকীয়ে। বৰপেটাৰোডৰ শিমলাগুৰীৰ সমন্বয় পথৰ সমীপত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। কুকুৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে পোহনীয়া কুকুৰ তিনিটা বিগত তিনিদিনমান পূৰ্বে হঠাৎ অসুস্থ হৈ পৰে ৷

কুকুৰৰ গৰাকীয়ে চিকিৎসকক মাতি আনে। চিকিৎসকে কুকুৰ কেইটা জ্বৰত ভুগি অসুস্থ হোৱা বুলি চিকিৎসা কৰায় যদিও অৱশেষত কুকুৰ কেইটাই কৰুণ মৃত্যুক আকোৱা্লি লয়। আনহাতে আন এটা কুকুৰ অসুস্থ হোৱাত গৰাকীয়ে টেঙাৰ ৰস খুৱাই দিয়াত কিছু পৰিমাণে সুস্থ হয় যদিও সেই কুকুৰটো বৰপেটাৰোডৰ এটা এন জি ওৰ কৰ্মকৰ্তাই চিকিৎসকৰ ওচৰলৈ লৈ আনে । সম্প্ৰতি কুকুৰটোৰ চিকিৎসা সেৱা চলি আছে । কিন্তু কোনে কি কাৰণত এই কুকুৰ কেইটাক খাদ্যৰ লগত বিহ মিহলাই খুৱাই হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই ৷ কুকুৰ নিধন কৰা কাৰ্যৰ বিৰুদ্ধে এন জি ও টোৰ তৰফৰ পৰা আৰক্ষীক এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে বিগত কেইমাহমান পূৰ্বে সৰভোগৰ ৰাজপথত ঘুৰি ফুৰা কুকুৰক মাংসৰ লগত বিহ মিহলাই খুওৱাৰ ফলত বহু কেইটা কুকুৰৰ মৃত্যু হৈছিল । সৰভোগ স্বেচ্ছাসেৱী সংগঠন এটাই কুকুৰ নিধন যজ্ঞ চলোৱা অপৰাধীৰ বিৰুদ্ধে সৰভোগ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈকে কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। বৰপেটাৰোডৰ শিমলাগুৰীতো সৰভোগৰ অনুৰূপ ঘটনা সংঘটিত হোৱা কাৰ্যক একমুখে ধিক্কাৰ জনাইছে বৰপেটাৰোডৰ সচেতন মহলে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments