অংকুৰ ডেকা, মৰিগাঁও: চলিত বৰ্ষৰ ১৫ জুনৰ পৰা ২২ জুনলৈ পূণেত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ জি-২০ শিক্ষা কৰ্মগোটৰ বৈঠকত নিপুণ ভাৰত অভিযানক গুৰুত্ব আৰোপ কৰা হৈছে। এই অভিযান সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিদ্যালয় আৰু জিলাৰ পৰ্যায়ত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
সেই অনুসৰি মঙলবাৰে মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত প্ৰজ্ঞা ভৱনত দিনজোৰা কাৰ্যসূচীৰে জনভাগিদাৰী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীৰ অংশ স্বৰূপে জিলা খনৰ চাৰিওটা শিক্ষা খণ্ডৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক বুলি গগৈ ভূঞাই উদ্বোধন কৰা এই কাৰ্যসূচীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।
