Wednesday, March 11, 2026
Homeৰাশিফলআজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওঁক দিনটোৰ ৰাশিফল

আজি দিনটো আপোনাৰ কেনেদৰে যাব, চাওঁক দিনটোৰ ৰাশিফল

মেষ ৰাশি – আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব,কিন্তু অপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ,আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক , আৰু মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে ভুল কৰিব পাৰে ,কিন্তু অকল মুৰ্খই হে সেই ভুল আকৌ কৰিব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব।

 

বৃষ ৰাশি – আপোনাৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি দিব পাৰে ,আপুনি বুজা উচিত যে কাকো অনাদৰ কৰা অথবা তেখেতক গম্ভীৰ ভাৱে নল’লে সম্বন্ধত চেকা লাগিব পাৰে। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।

 

মিথুন ৰাশি – আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। প্ৰফেশ্বনাল দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হব ,ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।

 

কৰ্কট ৰাশি – আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্চাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতিত কৰিব লাগে,যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। যদি আপুুনি সামূহিক গতিবিধি সমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নতুন বন্ধু লগ পাব পাৰে আৰু আপোনাৰ বন্ধুৰ তালিকাও বহুত দীঘল হৈ যাব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধ মূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ’ব,ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে।

 

সিংহ ৰাশি – মানসিক হেচা থকাৰ স্বত্তেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম ,কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাত হব। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।

 

কন্যা ৰাশি – আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব , নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব ,অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিন লৈ কৰক। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেন দেনৰ বাবে বহুত ভাল দিন। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব ,যদি আপুনি প্ৰেমৰ নৈ খনত আজি ডুবি থাকি সময় নষ্ট নকৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে।

 

তুলা ৰাশি – ধ্যান কৰিলে শান্তি লাভ কৰিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন ,বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। যদি আপুনি নিিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰবণতা আছে। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।

 

বৃশ্চিক ৰাশি – কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। ভুল কথা সমূহক ভুল সময়ত কোৱাৰ পৰা বাচক, যাক আপুনি ভাল পায় তেখেতৰ মনত দুখ দিয়াৰ পৰা বিৰত থাকক। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে ,তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হব। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব।

 

ধনু ৰাশি -আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। নিজৰ বৌদ্ধিক ক্ষমতাৰ ব্যৱহাৰ নিজৰ হিত তথা ভালৰ বাবে কৰক , ইয়াৰ সহায়ৰ ফলত আপোনাৰ প্ৰফেশ্বনাল যোজনা সমূহ আৰু নতুন চিন্তা ধাৰা সম্পূৰ্ণ কৰিব পাৰিব। কথাবোৰ সঠিক ভাৱে বুজি পাব চেষ্টা কৰিব লাগে ন’হলে খালী থকা সময়খিনিত এইবোৰ কথা ভাৱি বেছি সময় নষ্ট হয়। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।

 

মকৰ ৰাশি – আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে।

 

 

কুম্ভ ৰাশি – অন্যৰ সফলতা ক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। কামত আপুনি অধিক লাভান্বিত হব পাৰে। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক।

 

মীন ৰাশি – আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্ট ভাৱে পৰি থাকিব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments