ডিজিটেল ডেস্ক, anews24x7: এচ আই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰটো কেন্দ্ৰীয় চৰকাৰে বুধবাৰে চি বি আইক হস্তান্তৰ কৰাত আই পি এচ লাভলী কাটাৰীয়াৰ নেতৃত্বত চি আই ডিৰ দলটি আজি আহি উপস্থিত হৈছেহি জখলাবন্ধাত। এচ আই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ চি আই ডিৰ দলটি জখলাবন্ধাত উপস্থিত হৈ দূৰ্ঘটনাস্থলিৰ লগতে জখলাবন্ধা আৰক্ষী থানা চৌহদত থকা দূৰ্ঘটনাগ্ৰস্ত বাহন দুখন পৰিদৰ্শন কৰে।
তদন্তৰ সময়ত জখলাবন্ধা আৰক্ষীক চি বি আই বিষয়া লাভলী কাটাৰীয়াই আৰক্ষীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে। এচ আই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা দুয়োটা গোচৰ চি বি আইয়ে নিজা বববীয়াকৈ তদন্ত কৰিব।
জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৪/২৩ নম্বৰৰ দূৰ্ঘটনাৰ গোচৰ আৰু জোনমনিৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৭/২৩ নম্বৰৰ এই দুয়োটা গোচৰ প্ৰথমে অসম আৰক্ষী আৰু পৰবৰ্তী সময়ত CID য়ে তদন্ত কৰিছিল যদিও পৰবৰ্তী সময়ত এই দুয়োটা গোচৰ CBI এ এতিয়া নিজাববীয়াকৈ তদন্ত কৰিব ।
