ডিজিটেল ডেস্ক ANEWS24X7: ভাৰতৰ ভিতৰত প্রথম জৈৱিক গাওঁ স্থাপন কৰা হৈছে ত্ৰিপুৰাত । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জলবায়ু পৰিৱৰ্তন প্ৰশমন প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন জনাই ত্ৰিপুৰা চৰকাৰে ১০০ জন জৈৱিক গাওঁ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে ১০ খন জৈৱিক গাওঁ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে ।
ইয়াৰ ভিতৰত প্ৰথমখন জৈৱিক গাওঁ হৈছে চেপাহিজালা জিলাৰ চাৰিলাম সমষ্টিৰ দাসপাৰাত । জৈৱ গাওঁ প্ৰকল্পৰ লক্ষ্য হৈছে গ্ৰাম্যাঞ্চল সমূহত সামগ্ৰিক আৰ্থ-সামাজিক বিকাশ নিশ্চিত কৰাৰ বাবে বহনক্ষম জীৱিকা আৰু খাদ্য সুৰক্ষা প্ৰদান কৰা ।
এই প্ৰকল্পটোৰ দ্বাৰা স্থানীয় পৰ্যায়ত সৌৰশক্তি চালিত কৃষি সঁজুলি, শক্তি সঞ্চয়কাৰী বৈদ্যুতিক সঁজুলি, জৈৱ গেছ আৰু জৈৱ সাৰৰ বিকাশত সহায় কৰা হ’ব ।
আনহাতে প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে কৃষি আৰু আনুষঙ্গিক খণ্ড-সম্পৰ্কীয় সামগ্ৰীৰ বহনক্ষম উৎপাদনৰ বাবে সৌৰশক্তি চালিত পানী পাম্প , বায়োমাছ কুক ষ্টোভ আৰু জৈৱ গেছ প্ৰকল্পৰ দৰে সেউজ প্ৰযুক্তিৰ প্ৰচাৰ কৰা। উল্লেখ্য যে ত্ৰিপুৰাৰ দাসপাৰা গাওঁখন ইতিমধ্যে প্ৰকৃতি-আধাৰিত জীৱনশৈলী আৰু জীৱিকালৈ ৰূপান্তৰিত হৈছে।